বিপন্ন সময়ত

(পুলক জ্যোতি শৰ্মা)

অক্টোবৰ ২০২১ ক'ৰোনা অতিমাৰীৰ সময়ত

মুখাপিন্ধা মানুহ মই নাছিলোঁ কোনোকালে

আই বোপায়ে মুখা পিন্ধিবলৈ শিকোৱা নাছিল

শিকাইছিল দূৰত্ব নেৰাখি সমাজত মিলিবলৈ

শিক্ষাগুৰুৱে বুজাইছিল - মুখখনেই অন্তৰৰ দাপোন

মুখখন ঢাকি নেৰাখিবি

আৰু কৈছিল

চপৰা-চপৰ ইটাৰ বান্ধোনেৰে ঘৰ এটা যেনেকৈ গঢ় লয়

তেনেকৈয়ে

মানুহৰ বান্ধোনেৰে সমাজ হয় দেশ হয়

মানুহ জাতি হয়

ইটাই ইটাই ফাঁট মেলিলে ঘৰ হেলেকা হয়

ইটিয়ে সিটিৰ সৈতে সেয়ে ব্যৱধান নেৰাখিবি


বিপন্ন সময়ত দেহৰক্ষাৰ বাবে

মই মুখাৰে মুখখন ঢাকি লৈছোঁ

মিত্ৰ কুটুম্বৰ পৰা ব্যৱধান ৰাখি চলিছোঁ

প্ৰিয়জনক দুহাত মেলি সাবটি ধৰিবলৈ

আশ্বাসৰ দুহাত কান্ধত থবলৈ

সংকোচ কৰিছোঁ


অসুস্থ সময়ৰ চটফটনিত

চিন্তিত মনেৰে সিদিনা মইটোক সুধিলোঁ

তয়েই কছোন

এই উশাহ বন্ধ হোৱা মুখাৰ পৰা পৰিত্ৰাণৰ উপাই কি

মইটোৱে মিচিকিয়াই ক'লে

কাপোৰৰ মুখাইনো কি কৰিব পাৰে

তাৰ আৱৰণতেই

মুখখন অন্তৰৰ দাপোন কৰি ৰাখিবি চিৰকাল

শৰীৰৰ ব্যৱধানেনো কি কৰিব পাৰে

হৃদয়ৰ সম্বন্ধ ধৰি ৰাখিবি চিৰকাল


********